القرآن الكريم المصحف الإلكتروني إذاعات القرآن صوتيات القرآن أوقات الصلاة فهرس الموقع

আক্বীদাহ বিভাগ

উত্তৰ- মোৰ প্ৰতিপালক হৈছে আল্লাহ, যিয়ে মোক আৰু গোটেই বিশ্বজগতক তেওঁৰ নিয়ামতেৰে প্ৰতিপালন কৰি আছে।

ইয়াৰ প্ৰমাণ হৈছে আল্লাহৰ এই বাণীঃ সকলো ধৰণৰ হামদ (প্ৰশংসা) বিশ্বজগতৰ ৰব্ব (প্ৰতিপালক) আল্লাহৰ বাবে (ছুৰা আল-ফাতিহাঃ ২)

উত্তৰ- মোৰ দ্বীন বা ধৰ্ম হৈছে ইছলাম। ইছলামৰ অৰ্থ হৈছে, আল্লাহক একক বুলি মানি তেওঁৰ ওচৰত আত্মসমৰ্পন কৰা, বিনয়ী হৈ তেওঁৰ আনুগত্য কৰা, মুশ্বৰিক আৰু শ্বিৰ্কৰ পৰা বিৰত থকা।

আল্লাহে কৈছেঃ নিশ্চয় ইছলামেই হৈছে আল্লাহৰ ওচৰত একমাত্ৰ (পছন্দনীয়) দ্বীন। (ছুৰা আলে-ইমৰাণঃ ১৯)

উত্তৰ- মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম

আল্লাহে কৈছেঃ মুহাম্মদ হৈছে আল্লাহৰ ৰাছুল... (ছুৰা আল-ফাতাহঃ ২৯)

উত্তৰ- কলিমা তাওহীদ হৈছে “লা ইলাহা ইল্লাল্লাহ” আৰু ইয়াৰ অৰ্থ হৈছে, আল্লাহৰ বাহিৰে ইবাদতৰ যোগ্য আন কোনো সত্য উপাস্য নাই।

আল্লাহে কৈছেঃ জানি থোৱা যে, নিশ্চয় আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। (ছুৰা মুহাম্মদঃ ১৯)

উত্তৰ- আল্লাহ আকাশত আৰছৰ ওপৰত আছে তথা সকলো সৃষ্টিৰ ওপৰত আছে। যেনে আল্লাহ তাআলাই কৈছেঃ পৰম কৰুণাময় (ৰহমান) আৰছৰ ওপৰত উঠিছে। (ছুৰা ত্বা-হাঃ ৫) আৰু কৈছেঃ আৰু তেৱেঁই নিজ বান্দাসকলৰ ওপৰত পূৰ্ণ নিয়ন্ত্ৰণকাৰী, আৰু তেওঁ প্ৰজ্ঞাময়, সম্যক অৱহিত। (ছুৰা আল-আনআমঃ ১৮)

উত্তৰ- ইয়াৰ অৰ্থ হৈছেঃ নিশ্চয় আল্লাহে তেখেতক বিশ্বজগতৰ বাবে সুসংবাদ প্ৰদানকাৰী আৰু সতৰ্ককাৰী হিচাপে প্ৰেৰণ কৰিছে।

গতিকে অনিবাৰ্য হৈছেঃ

১- তেখেতৰ আদেশৰ অনুসৰণ কৰা।

২- তেখেতে দিয়া সংবাদক সত্য বুলি বিশ্বাস কৰা।

৩- তেখেতৰ অবাধ্যতা নকৰা।

৪- চৰীয়ত মুতাবিক আল্লাহৰ ইবাদত কৰা, অৰ্থাৎ ছুন্নতৰ অনুসৰণ কৰা আৰু বিদআত পৰিত্যাগ কৰা।

যেনেঃ আল্লাহ তাআলাই কৈছেঃ যিয়ে ৰাছুলৰ আনুগত্য কৰে, তেওঁ প্ৰকৃততে আল্লাহৰ অনুসৰণ কৰে। (ছুৰা নিছাঃ ৮০), পৱিত্ৰ আল্লাহে আৰু কৈছেঃ আৰু তেওঁ মনে সজা কথা নকয়। এয়া হৈছে কেৱল অহী, যিটো তেওঁৰ প্ৰতি অহীৰূপে প্ৰেৰণ কৰা হয়, (ছুৰা আন-নাজমঃ ৩-৪) সৰ্বশক্তিমান আল্লাহে আৰু কৈছেঃ অৱশ্যে তোমালোকৰ বাবে আছে আল্লাহৰ ৰাছুলৰ মাজত উত্তম আদৰ্শ, সেই ব্যক্তিৰ বাবে যিয়ে আশা কৰে আল্লাহ আৰু শেষ দিৱসৰ আৰু যিয়ে আল্লাহক বেছি বেছি স্মৰণ কৰে। (ছুৰা আল-আহঝাবঃ ২১)

উত্তৰ- আমাক একমাত্ৰ তেওঁৰ ইবাদতৰ বাবে সৃষ্টি কৰিছে, যাৰ কোনো অংশীদাৰ নাই।

খেল-ধেমালিৰ উদ্দেশ্যে সৃষ্টি কৰা নাই।

আল্লাহে কৈছেঃ আৰু মই জিন আৰু মানুহক কেৱল এইকাৰণেই সৃষ্টি কৰিছোঁ যে, সিহঁত কেৱল মোৰেই ইবাদত কৰিব। (ছুৰা আজ-জাৰিয়াতঃ ৫৬)

ইবাদত হৈছে এনেকুৱা এটা অৰ্থপূৰ্ণ নাম, যাৰ দ্বাৰা প্ৰকাশ্য-অপ্ৰকাশ্য প্ৰত্যেক সেই কথা আৰু কৰ্মক বুজায় যিটোক আল্লাহে ভাল পায় তথা যাৰ দ্বাৰা তেওঁ সন্তুষ্ট হয়।

প্ৰকাশ্য ইবাদত যেনে- মৌখিকভাৱে আল্লাহক স্মৰণ কৰা, তাছবীহ (ছুবহানাল্লাহ পঢ়া), তাহমীদ (আলহাম্দুলিল্লাহ পঢ়া), তাকবীৰ (আল্লাহু আকবাৰ) পাঠ কৰা, নামাজ আদায় কৰা, হজ্জ কৰা আদি।

অপ্ৰকাশ্য ইবাদত যেনে- ভৰসা কৰা, ভয় কৰা, আশা কৰা আদি।

উত্তৰ- আমাৰ ওপৰত থকা আটাইতকৈ ডাঙৰ কৰ্তব্যটো হৈছে আল্লাহৰ তাওহীদ বা তেওঁৰ একত্ববাদ স্বীকাৰ কৰা।

উত্তৰ- ১- তাওহীদুৰ ৰুবুবিয়্যাহঃ অৰ্থাৎ আল্লাহৰ প্ৰতি এই বুলি ঈমান পোষণ কৰা যে, তেৱেঁই হৈছে সৃষ্টিকৰ্তা, জীৱিকাদাতা, মালিক তথা নিয়ন্ত্ৰণকাৰী, তেওঁ একক তেওঁৰ কোনো অংশীদাৰ নাই।

২- তাওহীদুল উলুহিয়্যাহঃ একমাত্ৰ আল্লাহৰেই ইবাদত কৰা, আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰা।

৩- তাওহীদুল আছমা অচ-চিফাতঃ কোৰআন আৰু হাদীছত বৰ্ণিত আল্লাহৰ নাম আৰু গুণাৱলীসমূহৰ প্ৰতি ঈমান পোষণ কৰা, কোনো ধৰণৰ উপমা, সাদৃশ্যতা আৰু অস্বীকাৰ নকৰাকৈ।

তাওহীদৰ উক্ত এই তিনি প্ৰকাৰৰ প্ৰমাণ হৈছে আল্লাহ তাআলাৰ এই বাণীঃ তেৱেঁই আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মাজত যি যি আছে সেই সকলোৰে ৰব্ব। সেয়ে কেৱল আপুনি তেওঁৰেই ইবাদত কৰক আৰু তেওঁৰ ইবাদতত ধৈৰ্য্য ধাৰণ কৰক। আপুনি তেওঁৰ সমনাম গুণ সম্পন্ন কাৰোবাক জানেনে? (ছুৰা মাৰয়ামঃ ৬৫)

উত্তৰ- আল্লাহৰ সৈতে শ্বিৰ্ক কৰা।

আল্লাহে কৈছেঃ নিশ্চয় আল্লাহে তেওঁৰ লগত অংশী স্থাপন কৰাক ক্ষমা নকৰে। ইয়াৰ বাহিৰে অন্যান্য অপৰাধসমূহ যাক ইচ্ছা ক্ষমা কৰে আৰু যিয়ে আল্লাহৰ লগত আনক অংশী কৰে সি নিশ্চয় মহাপাপ ৰচনা কৰে। (ছুৰা আন-নিছাঃ ৪৮)

উত্তৰ- শ্বিৰ্ক হৈছে ইবাদতৰ যিকোনো এটা প্ৰকাৰ আল্লাহৰ বাহিৰে আনৰ বাবে কৰা।

ইয়াৰ প্ৰকাৰসমূহঃ

শ্বিৰ্কে আকবাৰ বা ডাঙৰ শ্বিৰ্কঃ উদাহৰণস্বৰূপে আল্লাহৰ বাহিৰে আনৰ ওচৰত দুআ কৰা, অথবা আল্লাহৰ বাহিৰে আনৰ সন্মুখত ছাজদাহ কৰা, নাইবা আল্লাহৰ বাহিৰে আনৰ উদ্দেশ্যে জীৱ-জন্তু জবেহ কৰা।

শ্বিৰ্কে আচগৰ বা সৰু শ্বিৰ্কঃ উদাহৰণস্বৰূপে আল্লাহৰ বাহিৰে আনৰ শপত খোৱা, অথবা তাবিজ ব্যৱহাৰ কৰা অৰ্থাৎ কোনো ক্ষয়-ক্ষতিৰ পৰা ৰক্ষা পাবলৈ নাইবা কোনো উপকাৰ সাধন কৰিবলৈ কোনো বস্তু ওলোমাই ৰখা। এইদৰে ৰিয়াও হৈছে শ্বিৰ্কে আচগৰ, (লোকক দেখুৱাবলৈ কৰা আমলক ৰিয়া বোলে) উদাহৰণস্বৰূপে মানুহক দেখুৱাবলৈ উত্তমভাৱে নামাজ আদায় কৰা।

উত্তৰ- একমাত্ৰ আল্লাহৰ বাহিৰে আন কোনেও গায়েব নাজানে।

আল্লাহে কৈছেঃ কোৱা, ‘আল্লাহৰ বাহিৰে আকাশসমূহ আৰু পৃথিৱীৰ কোনেও গায়েব নাজানে। আনকি সিহঁতে উপলব্ধিও কৰিব নোৱাৰে যে সিহঁতক কেতিয়া উত্থিত কৰা হ’ব’। (ছুৰা আন-নামলঃ ৬৫)

উত্তৰ- ঈমানৰ আৰকান হৈছে ছয়টা। যেনে- ১- আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা।

২- ফিৰিস্তাসকলৰ প্ৰতি ঈমান পোষণ কৰা।

৩- অৱতীৰ্ণ হোৱা কিতাবসমূহৰ প্ৰতি ঈমান পোষণ কৰা।

৪- তেওঁ প্ৰেৰণ কৰা ৰাছুলসকলৰ প্ৰতি ঈমান পোষণ কৰা।

৫- শেষ দিৱসৰ প্ৰতি ঈমান পোষণ কৰা।

৬- ভাগ্যৰ মঙ্গল অমঙ্গলৰ প্ৰতি ঈমান পোষণ কৰা।

ইয়াৰ প্ৰমাণ হৈছে মুছলিমসকলৰ মাজত বিখ্যাত সেই হাদীছে জিব্ৰীল, যিটো হাদীছত উল্লেখ আছে যে, জিব্ৰীল আলাইহিচ্ছালামে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক কৈছিলঃ তাৰ পিছত তেওঁ ক’লে, “মোক ঈমান সম্পৰ্কে জ্ঞান দিয়ক”

তেখেতে (ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে) ক’লে: “সেয়া হৈছে এই যে- আল্লাহ, তেওঁৰ ফিৰিস্তা, তেওঁৰ কিতাবসমূহ, তেওঁৰ ৰাছুলসকল আৰু আখিৰাতৰ ওপৰত ঈমান পোষণ কৰা, লগতে তাকদীৰৰ (ভাগ্যৰ) ভাল-বেয়াৰ ওপৰত বিশ্বাস স্থাপন কৰা।”

উত্তৰ- আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা।

আল্লাহৰ প্ৰতি এই বুলি ঈমান পোষণ কৰা যে, তেৱেঁই তোমাক সৃষ্টি কৰিছে আৰু তেৱেঁই তোমাক জীৱিকা প্ৰদান কৰিছে। একমাত্ৰ তেৱেঁই গোটেই সৃষ্টিজগতৰ মালিক আৰু পৰিচালক তথা নিয়ন্ত্ৰণকাৰী।

তেৱেঁই ইবাদতৰ যোগ্য, তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই।

তেৱেঁই মহান, সৰ্বোচ্চ তথা পূৰ্ণাংগ সত্ত্বা, সকলো প্ৰকাৰ প্ৰশংসা একমাত্ৰ তেওঁৰেই। তেওঁৰ বাবে আছে সুন্দৰ সুন্দৰ নাম আৰু উচ্চ গুণবিশিষ্ট চিফাত। তেওঁৰ কোনো সমকক্ষ নাই তথা অংশীদাৰো নাই। তেওঁক একোৰেই তুলনা কৰিব নোৱাৰি।

ফিৰিস্তাসকলৰ প্ৰতি ঈমান

তেওঁলোক হৈছে আল্লাহৰ এটা সৃষ্টি, আল্লাহে তেওঁলোকক নূৰেৰে সৃষ্টি কৰিছে। তথা তেওঁলোকক তেওঁৰ ইবাদতৰ বাবে আৰু তেওঁৰ নিৰ্দেশ মতে পূৰ্ণাংগ আনুগত্য কৰিবলৈ সৃষ্টি কৰিছে।

তেওঁলোকৰ মাজৰ এজন হৈছে জিব্ৰীল আলাইহিচ্ছালাম, তেওঁ নবীসকলৰ প্ৰতি অহীলৈ অৱতৰণ কৰিছিল।

ঐশী গ্ৰন্থসমূহৰ প্ৰতি ঈমান

ইয়াৰ দ্বাৰা সেইসমূহ গ্ৰন্থক বুজোৱা হৈছে যিবোৰ গ্ৰন্থক আল্লাহে ৰাছুলসকলৰ ওপৰত অৱতীৰ্ণ কৰিছিল।

যেনে- কোৰআন অৱতীৰ্ণ কৰিছিল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত।

ইঞ্জীল অৱতীৰ্ণ কৰিছিল ঈছা আলাইহিচ্ছালামৰ ওপৰত।

তাওৰাত অৱতীৰ্ণ কৰিছিল মুছা আলাইহিচ্ছালামৰ ওপৰত।

ঝাবূৰ অৱতীৰ্ণ কৰিছিল দাঊদ আলাইহিচ্ছালামৰ ওপৰত।

ইয়াৰ ওপৰিও ইব্ৰাহীম আৰু মুছা আলাইহিমাচ্ছালামৰ ওপৰত অৱতীৰ্ণ কৰিছিল ছহিফাসমূহ।

ৰাছুলসকলৰ প্ৰতি ঈমান

তেওঁলোকক আল্লাহে তেওঁৰ বান্দাসকলৰ ওচৰলৈ প্ৰেৰণ কৰিছিল, যাতে তেওঁলোকে সিহঁতক শিক্ষা প্ৰদান কৰে, লগতে জান্নাত আৰু কল্যাণৰ সুসংবাদ দিয়ে, আৰু যাতে সিহঁতক বেয়া কৰ্ম আৰু জাহান্নামৰ পৰা সতৰ্ক কৰে।

তেওঁলোকৰ মাজত সৰ্বোত্তম হৈছে, দৃঢ়প্ৰতিজ্ঞ ৰাছুলসকল। তেওঁলোক হৈছেঃ

নূহ আলাইহিচ্ছালাম।

ইব্ৰাহীম আলাইহিচ্ছালাম।

মুছা আলাইহিচ্ছালাম।

ঈছা আলাইহিচ্ছালাম।

মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম।

শেষ দিৱসৰ প্ৰতি ঈমানঃ

ইয়াৰ দ্বাৰা মৃত্যুৰ পিছৰ জীৱন যেনে, কবৰ, কিয়ামত দিৱস, পুনৰুত্থান আৰু হিচাপ-নিকাচ দিৱস আদিক বুজোৱা হৈছে, য'ত ফয়চালা হোৱাৰ পিছত জান্নাতীসকলে জান্নাতত আৰু জাহান্নামীসকলে জাহান্নামত অৱস্থান কৰিব।

ভাগ্যৰ মঙ্গল অমঙ্গলৰ প্ৰতি ঈমান পোষণ কৰাঃ

এই বিশ্বাস পোষণ কৰা যে, বিশ্বজগতত সংঘটিত হোৱা প্ৰতিটো বস্তু সম্পৰ্কে নিশ্চয় আল্লাহ অৱগত, আৰু তেওঁ এইবোৰ লাওহে মাহফুজত লিপিবদ্ধ কৰি ৰাখিছে, তথা এইবোৰ তেওঁৰ ইচ্ছামতেই অস্তিত্ব লাভ কৰে আৰু সৃষ্টি হয়।

আল্লাহ তাআলাই কৈছেঃ নিশ্চয় আমি প্ৰতিটো বস্তু তাকদীৰ অনুসৰি সৃষ্টি কৰিছোঁ। (ছুৰা আল-ক্বামাৰঃ ৪৯)

তাকদীৰৰ প্ৰতি ঈমানৰ ভিতৰত চাৰিটা বিষয় অন্তৰ্ভুক্ত আছেঃ

প্ৰথম: এই কথাৰ প্ৰতি ঈমান পোষণ কৰা যে, আল্লাহ তাআলা সৰ্ব বিষয়ে সৰ্বজ্ঞ। প্ৰতিটো বস্তুৰ পূৰ্বৰ পৰাই তেওঁ সেই বিষয়ে অৱগত, সেই বস্তুটো অস্তিত্বলৈ অহাৰ পূৰ্বেও তেওঁ অৱগত আছিল আৰু অস্তিত্বলৈ অহাৰ পিছতো তেওঁ অৱগত।

ইয়াৰ প্ৰমাণ হৈছে আল্লাহৰ এই বাণীঃ নিশ্চয় আল্লাহ, তেওঁৰ ওচৰতেই আছে কিয়ামতৰ সঠিক জ্ঞান, তেৱেঁই বৰষুণ অৱতীৰ্ণ কৰে আৰু তেৱেঁই জানে মাতৃগৰ্ভত যি আছে। কোনোৱেই নাজানে অহা কালি সি কি উপাৰ্জন কৰিব আৰু কোনোৱেই নাজানে কোন ঠাইত তাৰ মৃত্যু ঘটিব। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, সম্যক অৱহিত। (ছুৰা লুক্বমানঃ ৩৪)

দ্বিতীয়ঃ নিশ্চয় আল্লাহে প্ৰতিটো বস্তু সম্পৰ্কে লাওহে মাহফুজত লিখি ৰাখিছে। প্ৰতিটো বস্তু যিটো অস্তিত্ব লাভ কৰিছে আৰু যিটো ভৱিষ্যতে অস্তিত্ব লাভ কৰিব সেই সকলোবোৰ আল্লাহে তেওঁৰ ওচৰত থকা গ্ৰন্থত লিপিবদ্ধ কৰি ৰাখিছে।

ইয়াৰ প্ৰমাণ হৈছে আল্লাহৰ এই বাণীঃ আৰু গায়েবৰ চাবি-কাঠি আছে তেওঁৰেই ওচৰত, তেওঁৰ বাহিৰে কোনেও সেয়া নাজানে। স্থল আৰু সাগৰৰ অন্ধকাৰসমূহত যি আছে সেয়া কেৱল তেৱেঁই অৱগত, তেওঁৰ অজানিতে গছৰ এটা পাতো নসৰে। মাটিৰ অন্ধাকাৰত এনে কোনো শস্যকণাও অংকুৰিত নহয় অথবা ৰসযুক্ত নাইবা শুকান এনে কোনো বস্তু নাই যিটো স্পষ্ট কিতাবত নাই। (ছুৰা আল-আনআমঃ ৫৯)

তৃতীয়ঃ এই কথাৰ প্ৰতি বিশ্বাস পোষণ কৰা যে, বিশ্বজগতত সংঘটিত হোৱা প্ৰতিটো ঘটনা আল্লাহৰ ইচ্ছাতেই সংঘটিত হয়। একোৱেই তেওঁৰ ইচ্ছাৰ বাহিৰে সংঘটিত নহয়। সেইটো তেওঁৰ নিজৰ কাৰ্যসম্পৰ্কীয় বিষয় হওক অথবা তেওঁৰ সৃষ্টিৰ কাৰ্যসম্পৰ্কীয় বিষয় হওক।

ইয়াৰ প্ৰমাণ হৈছে আল্লাহৰ এই বাণীঃ সেই ব্যক্তিৰ বাবে, তোমালোকৰ মাজৰ যিয়ে সৰল পথত চলিব বিচাৰে। তোমালোকে ইচ্ছা কৰিব নোৱাৰা, যেতিয়ালৈকে বিশ্বজগতৰ প্ৰতিপালক আল্লাহে ইচ্ছা নকৰে। (ছুৰা আত-তাকৱীৰঃ ২৮-২৯)

চতুৰ্থঃ এই কথাৰ প্ৰতি ঈমান পোষণ কৰা যে, সমগ্ৰ সৃষ্টিজগৎ, আৰু সিহঁতৰ সত্ত্বা, গুণ আৰু কৰ্ম তৎপৰতাসহ প্ৰতিটো বস্তু আল্লাহৰে সৃষ্টি।

ইয়াৰ প্ৰমাণ হৈছে আল্লাহৰ এই বাণীঃ ‘অথচ আল্লাহেই সৃষ্টি কৰিছে তোমালোকক আৰু তোমালোকে যি তৈয়াৰ কৰা সেইটোকো তেৱেঁই সৃষ্টি কৰিছে’। (ছুৰা আচ-চা-ফফা-তঃ ৯৬)

উত্তৰ- কোৰআন হৈছে আল্লাহৰ বাণী, কোৰআন আল্লাহৰ সৃষ্টি নহয়।

আল্লাহে কৈছেঃ আৰু মুশ্বৰিকসকলৰ কোনোবাই যদি তোমাৰ ওচৰত আশ্ৰয় বিচাৰে, তেন্তে তুমি তাক আশ্ৰয় দিয়া, যাতে সি আল্লাহৰ বাণী শুনিব পাৰে। (ছুৰা আত-তাওবাহঃ ৬)

উত্তৰ- নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতিটো কথা, কৰ্ম, মৌনতা আৰু শাৰীৰিক আৰু চাৰিত্ৰিক গুণক ছুন্নাহ বা হাদীছ বোলে।

উত্তৰ- দ্বীনৰ মাজত মানুহে প্ৰৱৰ্তন কৰা প্ৰতিটো আমলক বিদআত বোলে, যিটো আমল নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগত তথা চাহাবাসকলৰ যুগত নাছিল।

ইয়াক আমি গ্ৰহণ নকৰোঁ, বৰং প্ৰত্যাখ্যানহে কৰিম।

কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ প্ৰত্যেক বিদআতেই হৈছে ভ্ৰষ্টতা। ইয়াক আবু দাউদে বৰ্ণনা কৰিছে

উদাহৰণস্বৰূপে কোনো নিৰ্ধাৰিত ইবাদতৰ সংখ্যা বৃদ্ধি কৰা, যেনে- অজু কৰাৰ সময়ত তিনিবাৰৰ ঠাইত চাৰিবাৰকৈ ধোৱা।নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ জন্ম দিৱস উৎযাপন কৰা, যিটো নবী চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু চাহাবাসকলৰ পৰা প্ৰমাণিত নহয়।

উত্তৰ- আল-অলা হৈছে মুমিনসকলক মুহাব্বত কৰা আৰু তেওঁলোকক সহায় কৰা।

আল্লাহে কৈছেঃ মুমিন পুৰুষসকল পৰস্পৰে পৰস্পৰৰ আৰু মুমিনা নাৰীসকল পৰস্পৰে পৰস্পৰৰ বন্ধু। (ছুৰা আত-তাওবাহঃ ৭১)

অল-বাৰা হৈছে কাফিৰ আৰু সিহঁতৰ শত্ৰুতাক ঘৃণা কৰা।

আল্লাহে কৈছেঃ নিশ্চয় তোমালোকৰ বাবে ইব্ৰাহীম আৰু তেওঁৰ লগত যিসকল আছিল তেওঁলোকৰ মাজত উত্তম আদৰ্শ আছে। যেতিয়া তেওঁলোকে নিজ সম্প্ৰদায়ক কৈছিল, ‘তোমালোকৰ লগত আৰু তোমালোকে আল্লাহৰ পৰিবৰ্তে যিসকলৰ উপাসনা কৰা সেইসকলৰ পৰা আমি সম্পৰ্কমুক্ত। আমি তোমালোকক অস্বীকাৰ কৰোঁ। আমাৰ আৰু তোমালোকৰ মাজত চিৰকালৰ বাবে শত্ৰুতা আৰু বিদ্বেষ সৃষ্টি হ’ল; যেতিয়ালৈকে তোমালোকে এক আল্লাহৰ প্ৰতি ঈমান পোষণ নকৰিবা’। (ছুৰা আল-মুমতাহিনাহঃ ৪)

উত্তৰ- আল্লাহে ইছলামৰ বাহিৰে আন কোনো ধৰ্ম গ্ৰহণ নকৰিব।

আল্লাহে কৈছেঃ আৰু যিয়ে ইছলামৰ বাহিৰে বেলেগ কোনো ধৰ্ম অনুসন্ধান কৰিব, তাৰ পৰা সেই ধৰ্ম কেতিয়াও গ্ৰহণ কৰা নহ'ব, আৰু সি পৰকালত ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ'ব। (ছুৰা আলে-ইমৰাণঃ ৮৫)

উত্তৰ- কথাৰ দ্বাৰা কুফৰঃ যেনে- আল্লাহ আৰু তেওঁৰ ৰাছুলক গালি-শপনি পাৰা।

কৰ্মৰ দ্বাৰা কুফৰঃ যেনে- কোৰআনক অপমান কৰা অথবা আল্লাহৰ বাহিৰে আনক ছাজদাহ কৰা।

বিশ্বাসৰ দ্বাৰা কুফৰঃ যেনে- এই বিশ্বাস পোষণ কৰা যে, আল্লাহৰ বাহিৰেও কোনোবা ইবাদতৰ যোগ্য আছে অথবা এই বিশ্বাস পোষণ কৰা যে, আল্লাহৰ সৈতে বেলেগ কোনো সৃষ্টিকৰ্তাও জৰিত হৈ আছে।

উত্তৰ-

১- ডাঙৰ নিফাকঃ অন্তৰত কুফৰ গোপন ৰাখি ঈমান প্ৰকাশ কৰা।

ইয়াৰ ফলত ব্যক্তি ইছলামৰ পৰা বহিষ্কৃত হয়। এইটোৱেই হৈছে ডাঙৰ কুফৰ।

আল্লাহে কৈছেঃ নিশ্চয় মুনাফিকসকলে জাহান্নামৰ সৰ্বনিম্ন স্তৰত থাকিব আৰু সিহঁতৰ বাবে তুমি কেতিয়াও কোনো সহায়ক নাপাবা। (ছুৰা আন-নিছাঃ ১৪৫)

২- সৰু নিফাকঃ

উদাহৰণস্বৰূপে মিছা কথা কোৱা, প্ৰতিশ্ৰুতি ভংগ কৰা, বিশ্বাসঘাতকতা কৰা।

ইয়াৰ ফলত যদিও ব্যক্তি ইছলামৰ পৰা বহিষ্কৃত নহয়, কিন্তু এইবোৰ হৈছে পাপকৰ্ম, ইয়াৰ ফলত ব্যক্তি শাস্তিৰ সন্মুখীন হ'ব।

আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ মুনাফিকৰ প্ৰতীক হৈছে তিনিটাঃ কথা ক'লে মিছা কথা কয়, প্ৰতিশ্ৰুতি কৰিলে ভংগ কৰে, আমানত ৰাখিলে বিশ্বাসঘাতকতা কৰে। ইয়াক বুখাৰী আৰু মুছলিমে বৰ্ণনা কৰিছে।

উত্তৰ- মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম

আল্লাহে কৈছেঃ মুহাম্মদ তোমালোকৰ মাজৰ কোনো পুৰুষৰে পিতৃ নহয়, বৰং তেওঁ হৈছে আল্লাহৰ ৰাছুল আৰু সৰ্বশেষ নবী। (ছুৰা আল-আহঝাবঃ ৪০) আৰু আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ মই হৈছোঁ সৰ্বশেষ নবী আৰু মোৰ পিছত আন কোনো নবী নাহিব। আবু দাউদ আৰু তিৰমিজীয়ে বৰ্ণনা কৰিছে।

উত্তৰ- আল্লাহে তেওঁৰ নবীসকলৰ সত্যতা প্ৰমাণ কৰিবলৈ দেখুৱা অস্বাভাৱিক ঘটনাক মুজিঝা বোলে। উদাহৰণস্বৰূপেঃ

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাবে চন্দ্ৰ দ্বিখণ্ডিত কৰা।

আৰু মুছা আলাইহিচ্ছালামৰ বাবে সাগৰক দুই ভাগত বিভক্ত কৰা, ফিৰআউন আৰু তাৰ সেনাবাহিনীক সাগৰত ডুবাই মৰা।

উত্তৰ- যিয়ে মুমিন অৱস্থাত নবী চাল্লাল্লাহু আলাইহি অছাল্লামক লগ কৰিছে তথা ইছলামত থকা অৱস্থাত মৃত্যুবৰণ কৰিছে তেওঁক চাহাবী বোলে।

আমি তেওঁলোকক ভাল পাওঁ আৰু তেওঁলোকক অনুসৰণ কৰোঁ। নবীসকলৰ পিছত তেওঁলোকেই হৈছে সৰ্বোত্তম তথা কল্যাণকৰ ব্যক্তি।

তেওঁলোকৰ মাজত সৰ্বোত্তম হৈছে, চাৰি খলিফা।

আবু বকৰ ৰাদ্বিয়াল্লাহু আনহু

ওমৰ ৰাদ্বিয়াল্লাহু আনহু

উছমান ৰাদ্বিয়াল্লাহু আনহু

আলী ৰাদ্বিয়াল্লাহু আনহু

উত্তৰ- নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্ৰীসকলক উম্মাহাতুল মুমিনীন বুলি কোৱা হয়।

আল্লাহে কৈছেঃ মুমিনসকলৰ ওচৰত নবী হৈছে তেওঁলোকৰ নিজতকৈও অধিক ঘনিষ্ঠ, আৰু তেওঁৰ স্ত্ৰীসকল হৈছে তেওঁলোকৰ মাতৃ। (ছুৰা আল-আহঝাবঃ ৬)

উত্তৰ- আমি তেওঁলোকক ভাল পাওঁ আৰু তেওঁলোকক মুহাব্বত কৰোঁ, আৰু যিয়ে তেওঁলোকৰ প্ৰতি বিদ্বেষ পোষণ কৰে আমি তাক ঘৃণা কৰোঁ। তেওঁলোকৰ ক্ষেত্ৰত আমি সীমালংঘন নকৰোঁ। আহলে বাইত হৈছে তেওঁৰ স্ত্ৰীসকল, তেওঁৰ বংশধৰ, লগতে বনু হাশ্বিম আৰু বনুল মুত্তালিবৰ মুমিনসকল।

উত্তৰ- তেওঁলোকৰ প্ৰতি আমাৰ কৰ্তব্য হৈছে, তেওঁলোকক সন্মান কৰা। গুনাহৰ বাহিৰে তেওঁলোকৰ সকলো আদেশ মানি চলা। তেওঁলোকৰ বিৰুদ্ধে বিদ্ৰোহ নকৰা, গোপনে তেওঁলোকৰ বাবে দুআ কৰা আৰু সুপৰামৰ্শ দিয়া।

উত্তৰ- জান্নাত, মহান আল্লাহে কৈছেঃ নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক জান্নাতত প্ৰৱেশ কৰাব, যাৰ পাদদেশত নদীসমূহ প্ৰবাহিত; (ছুৰা মুহাম্মদঃ ১২)

উত্তৰ- জাহান্নাম, মহান আল্লাহে কৈছেঃ এতেকে সেই জুইৰ পৰা বাচিবলৈ ব্যৱস্থা কৰা, যাৰ ইন্ধন হ’ব মানুহ আৰু শিল, যিটো প্ৰস্তুত কৰা হৈছে কাফিৰসকলৰ বাবে। (ছুৰা আল-বাক্বাৰাহঃ ২৪)

উত্তৰ- আল্লাহ আৰু তেওঁৰ শাস্তিক ভয় কৰাকে খাওফ বোলে।

আল্লাহৰ ছোৱাব, তেওঁৰ মাগফিৰাত আৰু ৰহমত আশা কৰাক আৰ-ৰাজা বোলে।

ইয়াৰ প্ৰমাণ হৈছে আল্লাহৰ এই বাণীঃ সিহঁতে যিবোৰক আহ্বান কৰে সিহঁত নিজেই সিহঁতৰ প্ৰতিপালকৰ নৈকট্য লাভৰ উপায় সন্ধান কৰে যে, সিহঁতৰ মাজত কোন কিমান তেওঁৰ নিকটৱৰ্তী হ’ব পাৰে, আৰু সিহঁতে তেওঁৰ দয়া প্ৰত্যাশা কৰে আৰু তেওঁৰ শাস্তিক ভয় কৰে। নিশ্চয় তোমাৰ প্ৰতিপালকৰ শাস্তি অতি ভয়াৱহ। (ছুৰা আল-ইছৰাঃ ৫৭) আল্লাহ তাআলাই আৰু কৈছেঃ মোৰ বান্দাসকলক জনাই দিয়া যে, নিশ্চয় মই পৰম ক্ষমাশীল, পৰম দয়ালু। লগতে নিশ্চয় মোৰ শাস্তিয়েই হৈছে যন্ত্ৰণাদায়ক শাস্তি। (ছুৰা আল-হিজৰঃ ৪৯, ৫০)

উত্তৰ- আল্লাহ, আৰ-ৰাব্ব, আৰ-ৰাহমান, আচ-ছামী, আল-বাচীৰ, আল-আলীম, আৰ-ৰাজ্জাক্ব, আল-হাই, আল-আজীম--ইত্যাদি হৈছে তেওঁৰ সুন্দৰ নাম আৰু উচ্চমানৰ গুণ।

উত্তৰ- আল্লাহৰ অৰ্থ হৈছে প্ৰকৃত সত্য উপাস্য। তেওঁ একক তথা অদ্বিতীয়, তেওঁৰ কোনো অংশীদাৰ নাই।

আৰ-ৰাব্বঃ ইয়াৰ অৰ্থ হৈছে প্ৰতিপালক, একক সৃষ্টিকৰ্তা তথা মালিক, জীৱিকাদাতা আৰু নিয়ন্ত্ৰণকাৰী।

আচ-ছামীঃ ইয়াৰ অৰ্থ হৈছে যাৰ শ্ৰৱণশক্তিয়ে সকলোকে আগুৰি আছে, ভিন ভিন তথা বিভিন্ন প্ৰকাৰৰ শব্দ হোৱা সত্তেও তেওঁ সকলো শব্দকে শুনা পায়।

আল-বাচীৰঃ ইয়াৰ অৰ্থ হৈছে যিয়ে সকলো দেখা পায়। সৰু হওক বা ডাঙৰ প্ৰতিটো বস্তু তেওঁ দেখা পায়।

আল-আলীমঃ ইয়াৰ অৰ্থ হৈছে, যাৰ জ্ঞানে অতীত, বৰ্তমান আৰু ভৱিষ্য়তৰ সকলো বস্তুকে নিজৰ জ্ঞানৰ দ্বাৰা পৰিবেষ্টন কৰি আছে।

আৰ-ৰহমানঃ ইয়াৰ অৰ্থ হৈছে, যাৰ ৰহমতে সকলো সৃষ্টি জীৱকে সামৰি লৈছে, এতেকে প্ৰতিজন বান্দা আৰু প্ৰতিটো সৃষ্টি তেওঁৰ ৰহমতৰ অধীনস্থ।

আৰ-ৰাজ্জাক্বঃ ইয়াৰ অৰ্থ হৈছে, যাৰ হাতত আছে মানৱ, জীন আৰু সকলো পশু-পক্ষীকে আদি কৰি গোটেই সৃষ্টিজগতৰ জীৱিকা।

আল-হাইঃ অমৰ সত্ত্বা, যিয়ে কেতিয়াও মৃত্যুবৰণ নকৰিব। কিন্তু ইয়াৰ বিপৰীতে প্ৰতিটো সৃষ্টিয়েই মৃত্যুবৰণ কৰিব।

আল-আজীমঃ ইয়াৰ অৰ্থ হৈছে, যাৰ নাম, গুণাৱলী আৰু কৰ্মত আছে পূৰ্ণাংগতা তথা পৰিপূৰ্ণতা আৰু মহানতা।

উত্তৰ- আমি তেওঁলোকক মুহাব্বত কৰোঁ, লগতে শ্বাৰয়ী সমস্যা সমাধানৰ বাবে আমি তেওঁলোকৰ ওচৰলৈ যাওঁ। আমি তেওঁলোকক উত্তমৰূপে স্মৰণ কৰোঁ। আনহাতে যিসকলে তেওঁলোকৰ প্ৰতি বেয়া ভাষা ব্যৱহাৰ কৰে, সিহঁত সঠিক পথৰ পৰা আঁতৰি গৈছে।

আল্লাহে কৈছেঃ তোমালোকৰ ভিতৰত যিসকলে ঈমান আনিছে আৰু যিসকলক জ্ঞান দান কৰা হৈছে, আল্লাহে তেওঁলোকক উচ্চ মৰ্যাদা প্ৰদান কৰিব, আৰু তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ সবিশেষ অৱহিত। (ছুৰা আল-মুজাদালাহঃ ১১)

উত্তৰ- মুমিন মুত্তাক্বী লোকসকল হৈছে আল্লাহৰ অলী।

আল্লাহে কৈছেঃ জানি থোৱা! আল্লাহৰ অলীসকলৰ কোনো ভয় নাই আৰু তেওঁলোক চিন্তিতও নহ'ব। তেওঁলোকে ঈমান আনিছে আৰু তেওঁলোকে তাক্বৱা অৱলম্বন কৰিছিল। (ছুৰা ইউনুছঃ ৬২,৬৩)

উত্তৰ- নহয়, ঈমান হৈছে কথা, কৰ্ম আৰু বিশ্বাস আদিৰ সমষ্টিৰ নাম।

উত্তৰ- হয়, আনুগত্যৰ দ্বাৰা ঈমান বৃদ্ধি হয় আৰু গুনাহৰ ফলত হ্ৰাস হয়।

আল্লাহে কৈছেঃ প্ৰকৃত মুমিন হৈছে সেইসকল লোক, যিসকলৰ হৃদয় আল্লাহক স্মৰণ কৰা হ’লে কম্পিত হয় আৰু তেওঁৰ আয়াতসমূহ সিহঁতৰ ওচৰত তিলাৱত কৰা হ’লে সেয়া সিহঁতৰ ঈমান বৃদ্ধি কৰে, আৰু সিহঁতে কেৱল নিজ প্ৰতিপালকৰ ওপৰতেই ভৰসা কৰে। (ছুৰা আল-আনফালঃ ২)

উত্তৰ- ইহছান হৈছে, তুমি আল্লাহৰ ইবাদত এনেকৈ কৰা যেনিবা তুমি তেওঁক দেখি আছা, আৰু যদি এইটো অনুভূতি নাহে তেন্তে এইটো অনুভৱ কৰা যে, নিশ্চয় তেওঁ তোমাক দেখি আছে।

উত্তৰ- আমলত দুটা চৰ্ত থাকিলে সেই আমল গৃহীত হয়।

১- যদি আমলটো নিৰ্ভেজালভাৱে আল্লাহৰ উদ্দেশ্যে কৰা হয়।

২- আৰু সেই আমলটো যদি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পদ্ধতি মুতাবিক হয়।

উত্তৰ- অৰ্থাৎ উপকাৰ সাধন কৰিবলৈ বা ক্ষয়-ক্ষতিৰ পৰা ৰক্ষা পাবলৈ উপায় অৱলম্বন কৰাৰ পিছত আল্লাহৰ ওপৰত ভৰসা কৰা।

আল্লাহে কৈছেঃ যিয়ে আল্লাহৰ ওপৰত তাৱাক্কুল কৰিব, তাৰ বাবে আল্লাহেই যথেষ্ট। (ছুৰা আত-তালাক্বঃ ৩)

আয়াতত উল্লেখিত (حَسْبُهُ) শব্দৰ অৰ্থ হৈছে যথেষ্ট হোৱা।

উত্তৰ- আল্লাহৰ আনুগত্য কৰিবলৈ দিয়া প্ৰতিটো নিৰ্দেশেই হৈছে আমৰ বিল-মাৰুফ। আনহাতে আল্লাহৰ অবাধ্যতাৰ পৰা বিৰত থাকিবলৈ দিয়া প্ৰতিটো নিষেধাজ্ঞাই হৈছে নাহি আনিল মুনকাৰ।

আল্লাহে কৈছেঃ তোমালোকেই শ্ৰেষ্ঠ উম্মত, মানৱজাতিৰ (হিদায়তৰ) বাবে (তোমালোকক) উলিওৱা হৈছে, (কাৰণ) তোমালোকে সৎকৰ্মৰ আদেশ দিয়া আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰা লগতে আল্লাহৰ প্ৰতি বিশ্বাস স্থাপন কৰা। (ছুৰা আলে-ইমৰাণঃ ১১০)

উত্তৰ- তেওঁলোক হৈছে সেইসকল লোক, যিসকলে নবী চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু তেওঁৰ চাহাবাসকলৰ কথা, কৰ্ম আৰু বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত।

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছুন্নতৰ অনুসৰণ কৰাৰ কাৰণে আৰু বিদআত পৰিত্যাগ কৰাৰ কাৰণে তেওঁলোকক আহলুচ ছুন্নাহ নামকৰণ কৰা হৈছে।

আৰু জামাআত কোৱাৰ কাৰণ হৈছে, তেওঁলোক সত্যৰ ওপৰত জামাতবদ্ধ তথা একত্ৰিত, আৰু এইক্ষেত্ৰত তেওঁলোক বিভক্ত হোৱা নাই।