القرآن الكريم المصحف الإلكتروني إذاعات القرآن صوتيات القرآن أوقات الصلاة فهرس الموقع

নবীৰ জীৱনী বিভাগ

উত্তৰ- মুহাম্মদ বিন আব্দুল্লাহ বিন আব্দুল মুত্তালিব বিন হাশ্বিম, হাশ্বিম হৈছে কুৰাইশ্বৰ বংশধৰ আৰু কুৰাইশ্ব হৈছে আৰবৰ মূল বাসিন্দা আৰু আৰব হৈছে ইছমাঈল আলাইহিচ্ছালামৰ বংশধৰ আৰু ইছমাঈল আলাইহিচ্ছালাম হৈছে ইব্ৰাহীম আলাইহিচ্ছালামৰ পুত্ৰ। দৰূদ আৰু ছালাম বৰ্ষিত হওক ইব্ৰাহীম আলাইহিচ্ছালাম আৰু আমাৰ প্ৰিয় নবীৰ ওপৰত।

উত্তৰ- আমিনাহ বিন্তে অহাব।

উত্তৰ- তেখেত চাল্লাল্লাহু আলাইহি অছাল্লাম (মাকৰ) গৰ্ভত থকা অৱস্থাতেই তেখেতৰ পিতাৰ মৃত্যু হৈছিল।

উত্তৰ- আমুল ফীল বা হাতীৰ বছৰত সোমবাৰৰ দিনা ৰবীউল আওৱাল মাহত তেখেতৰ জন্ম হৈছিল।

উত্তৰ- মক্কাত

উত্তৰ- তেখেতৰ পিতৃৰ দাসী উম্মে আইমান।

তেখেতৰ খুৰা আবু লাহাবৰ দাসী, ছুৱাইবাহ।

হালীমা আচ-ছা’দিয়্যাহ

উত্তৰ- ছয় বছৰ বয়সত তেখেতৰ মাকৰ ইন্তেকাল হৈছিল। ইয়াৰ পিছত তেখেতৰ দাদা (ককা)ই তেখেতক ভৰণ পোষণ দিছিল।

উত্তৰ- ৮ বছৰ বয়সত তেখেতৰ দাদা(ককা)ৰ মৃত্যু হৈছিল। ইয়াৰ পিছত তেখেতৰ খুৰা আবু তালিবে তেখেতৰ লালন-পালনৰ দায়িত্ব লৈছিল।

উত্তৰ- ১২ বছৰ বয়সত তেখেতে খুৰাৰ সৈতে ছিৰিয়ালৈ ভ্ৰমণ কৰিছিল।

তেখেতৰ দ্বিতীয় ভ্ৰমণ আছিল যেতিয়া তেখেতে খাদীজা ৰাদ্বিয়াল্লাহু আনহাৰ সম্পদলৈ ব্যৱসায়ৰ বাবে গৈছিল। সেই ভ্ৰমণৰ পৰা উভতি আহি তেখেতে বিয়া কৰাইছিল। তেতিয়া তেখেতৰ বয়স আছিল ২৫ বছৰ।

উত্তৰ- কুৰাইশ্বে যেতিয়া কা'বা পুনঃনিৰ্মাণ কৰিছিল তেতিয়া তেখেতৰ বয়স আছিল ৩৫ বছৰ।

সেই সময়ত হাজৰে আছৱাদ ৰখাকলৈ লোকসকলৰ মাজত মতানৈক্য হোৱাত তেখেতে ইয়াৰ সমাধান দিছিল। সেইটোক এটা কাপোৰৰ মাজত ৰাখি প্ৰতিটো গোত্ৰক কাপোৰটো দাঙি নিবলৈ নিৰ্দেশ দিছিল। সেই সময়ত তাত চাৰিটা গোত্ৰ আছিল, যেতিয়া তেওঁলোকে সেইটোক দাঙি আনিলে তেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে নিজ হাতে সেইটোক স্থাপন কৰিছিল।

উত্তৰ- নবুওৱত লাভ কৰাৰ সময়ত তেখেতৰ বয়স আছিল ৪০ বছৰ, আৰু তেখেতক গোটেই মানৱজাতিৰ প্ৰতি সুসংবাদদাতা আৰু সতৰ্ককাৰী হিচাপে প্ৰেৰণ কৰা হৈছে।

উত্তৰ- সত্য সপোনৰ দ্বাৰা অহীৰ আৰম্ভণি হৈছিল। তেখেতে দেখা প্ৰতিটো সপোন পুৱাৰ কিৰণৰ নিচিনা বাস্তৱত পৰিণত হৈছিল।

উত্তৰ- অহী অৱতীৰ্ণ হোৱাৰ পূৰ্বে তেওঁ নিজৰ লগত প্ৰয়োজনীয় বস্তুলৈ গাৰে হিৰাত গৈ আল্লাহৰ ইবাদত কৰিছিল।

গাৰে হিৰাত ইবাদত কৰি থকা অৱস্থাতেই তেওঁৰ ওপৰত (প্ৰথমবাৰ) অহী নাজিল হৈছিল।

আল্লাহৰ এই বাণীঃ পঢ়া তোমাৰ প্ৰতিপালকৰ নামত, যিজনে সৃষ্টি কৰিছে, তেওঁ মানুহক আলাক্বাৰ পৰা সৃষ্টি কৰিছে। পঢ়া, কাৰণ তোমাৰ প্ৰতিপালক মহামহিম। যিজনে কলমৰ সহায়ত শিক্ষা দিছে। তেওঁ মানুহক এনে শিক্ষা দিছে, যিটো মানুহে জনা নাছিল। (ছুৰা আলাক্বঃ ১-৫)

উত্তৰ- পুৰুষসকলৰ মাজৰ পৰা আবু বকৰ চিদ্দীক্ব,নাৰীসকলৰ মাজৰ পৰা খাদীজাহ বিন্তে খুৱাইলিদ, শিশুসকলৰ মাজৰ পৰা আলী বিন আবি তালিব, আজাদকৃত দাসসকলৰ মাজৰ পৰা ঝায়েদ বিন হাৰিছা, লগতে দাসসকলৰ মাজৰ পৰা বিলাল হাবশ্বী ৰাদ্বিয়াল্লাহু আনহুম, প্ৰমুখসকলে।

উত্তৰ- প্ৰথম তিনি বছৰলৈকে গোপনে ইছলাম প্ৰচাৰ কৰা হৈছিল, তাৰ পিছত তেখেতে প্ৰকাশ্যভাৱে ইছলামৰ পিনে আহ্বান কৰিবলৈ নিৰ্দেশ দিছিল।

উত্তৰ- মুশ্বৰিকসকলে তেখেতক আৰু মুছলিমসকলক নিৰ্যাতন কৰা আৰম্ভ কৰিছিল, অৱশেষত তেখেতে মুমিনসকলক হাবশ্বাহ (আবিচিনিয়া)লৈ হিজৰত কৰাৰ অনুমতি প্ৰদান কৰিছিল।

মুশ্বৰিকসকলে নিৰ্যাতন কৰিবলৈ আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামক হত্যা কৰিবলৈ একত্ৰিত হৈছিল। কিন্তু আল্লাহে তেখেতক ৰক্ষা কৰিছিল আৰু তেখেতৰ খুৰা আবু তালিবৰ জৰিয়তে তেখেতক সিহঁতৰ পৰা সুৰক্ষা প্ৰদান কৰিছিল।

উত্তৰ- তেখেতৰ খুৰা আবু তালিব আৰু তেখেতৰ স্ত্ৰী খাদীজাহ ৰাদ্বিয়াল্লাহু আনহা মৃত্যুবৰণ কৰিছিল।

উত্তৰ- তেখেতৰ পঞ্চাছ বছৰ বয়সত ইছৰা আৰু মিৰাজ সংঘটিত হৈছিল। আৰু তেতিয়াই পাঁচ ওৱাক্ত চালাত ফৰজ কৰা হৈছিল।

মছজিদে হাৰামৰ পৰা মছজিদে আকচালৈ যোৱাক ইছৰা বুলি কোৱা হয়।

আৰু মছজিদে আকচাৰ পৰা আকাশলৈ তথা ছিদৰাতুল মুনতাহালৈ যোৱাক মিৰাজ বুলি কোৱা হয়।

উত্তৰ- তেখেতে নিজেই তায়েফৰ অধিবাসীসকলক ইছলামৰ পিনে আহ্বান কৰিছিল, লগতে বিভিন্ন বতৰত যেতিয়া মানুহ একত্ৰিত হৈছিল তেতিয়া তেখেতে নিজেই গৈ মানুহক আহ্বান কৰিছিল। অৱশেষত মদীনাৰ পৰা আনচাৰসকলৰ এটা দল আহিছিল আৰু তেওঁলোকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত ঈমান আনিছিল, লগতে তেখেতক সহায় কৰিবলৈ প্ৰতীজ্ঞাবদ্ধ হৈছিল।

উত্তৰ- ১৩ বছৰ।

উত্তৰ- মক্কাৰ পৰা মদীনালৈ।

উত্তৰ- ১০ বছৰ।

উত্তৰ- জাকাত, চিয়াম, হজ্জ, জিহাদ, আজান ইত্যাদি ইছলামী চৰীয়তৰ বিধান ফৰজ হৈছিল।

উত্তৰ- বদৰৰ যুদ্ধ।

উহুদৰ যুদ্ধ।

আহঝাব বা খন্দকৰ যুদ্ধ।

মক্কা বিজয়ৰ যুদ্ধ।

আল্লাহৰ এই বাণীঃ আৰু তোমালোকে সেই দিৱসৰ তাক্বৱা অৱলম্বন কৰা, যিদিনা তোমালোকক আল্লাহৰ পিনে ওভতাই লোৱা হ'ব। তাৰ পিছত প্ৰত্যেক ব্যক্তিয়ে যি উপাৰ্জন কৰিছে, সেয়া সিহঁতক পৰিপূৰ্ণৰূপে প্ৰদান কৰা হ’ব আৰু সিহঁতক অন্যায় কৰা নহ’ব। (ছুৰা আল-বাক্বাৰাহঃ ২৮১)

উত্তৰ- ১১ হিজৰীৰ ৰবীউল আওৱাল মাহত তেখেতৰ মৃত্যু হৈছিল। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৬৩ বছৰ।

উত্তৰ- ১- খাদীজাহ বিন্তে খুৱাইলিদ ৰাদ্বিয়াল্লাহু আনহা।

২- ছাওদাহ বিন্তে ঝামআহ ৰাদ্বিয়াল্লাহু আনহা।

৩- আঈশ্বা বিন্তে আবি বকৰ চিদ্দীক্ব -ৰাদ্বিয়াল্লাহু আনহা।

৪- হাফচাহ বিন্তে ওমৰ ৰাদ্বিয়াল্লাহু আনহা।

৫- ঝাইনাব বিন্তে খুঝাইমাহ ৰাদ্বিয়াল্লাহু আনহা।

৬- উম্মু ছালামাহ হিন্দ বিন্তে আবি উমায়্যাহ ৰাদ্বিয়াল্লাহু আনহা।

৭- উম্মু হাবীবাহ ৰামলাহ বিন্তে আবি ছুফিয়ান ৰাদ্বিয়াল্লাহু আনহা।

৮- জুৱাইৰিয়া বিন্তুল হাৰিছ ৰাদ্বিয়াল্লাহু আনহা।

৯- মাইমূনাহ বিন্তুল হাৰিছ ৰাদ্বিয়াল্লাহু আনহা।

১০- চাফিয়্যা বিন্তে হুয়্যি ৰাদ্বিয়াল্লাহু আনহা।

১১- ঝাইনাব বিন্তে জাহাশ্ব ৰাদ্বিয়াল্লাহু আনহা।

উত্তৰ- তিনিজন পুত্ৰ সন্তান আছিল

আল-কাছিম, আৰু এই নামৰ দ্বাৰাই তেখেতে উপনাম গ্ৰহণ কৰিছিল।

আব্দুল্লাহ।

ইব্ৰাহীম।

কন্যা সন্তান আছিল যেনে-

ফাতিমা

ৰুকাইয়্যা

উম্মু কুলছুম

ঝাইনাব

ইব্ৰাহীমৰ বাহিৰে সকলো সন্তানেই আছিল খাদীজাহ ৰাদ্বিয়াল্লাহু আনহাৰ পৰা। তেখেতৰ সকলো সন্তানেই তেখেতৰ জীৱনকালতেই মৃত্যুবৰণ কৰিছে, কেৱল ফাতিমা ৰাদ্বিয়াল্লাহু আনহাৰ বাহিৰে। তেওঁ তেখেতৰ মৃত্যুৰ ছয় মাহ পিছত মৃত্যুবৰণ কৰিছে।

উত্তৰ- নবী চাল্লাল্লাহু আলাইহি অছাল্লাম গড় উচ্চতা সম্পন্ন ব্যক্তি আছিল, বেছি চাপৰো নাছিল আৰু বেছি ওখও নাছিল। তেখেতৰ গাৰ ৰং ৰঙা মিশ্ৰিত শুভ্ৰ আছিল। তেখেতৰ ঘন দাড়ি আৰু প্ৰশস্ত চকু আছিল, লগতে তেখেত বহল মুখৰ অধিকাৰী আছিল। তেখেতৰ চুলিবোৰ আছিল অত্যন্ত ক'লা। কান্ধ দুখন আছিল বহল, শৰীৰৰ পৰা সুখদায়ক গোন্ধ বিয়পিছিল, ইত্যাদি আৰু বহুতো সুন্দৰ সুন্দৰ শাৰীৰিক বৈশিষ্ট্য আছিল।

উত্তৰ- তেখেতে নিজৰ উম্মতক আলোকিত দ্বীনৰ ওপৰত এৰি থৈ গৈছে, যাৰ ৰাতিও দিনৰ দৰে উজ্জ্বল। ইয়াৰ পৰা কেৱল ধ্বংসকাৰী ব্যক্তিহে বিপথগামী হ'ব। এনেকুৱা কোনো কল্যাণ নাই যিটোৰ প্ৰতি তেখেতে দিশ-নিৰ্দেশনা দিয়া নাই আৰু এনেকুৱা কোনো বেয়া কৰ্ম নাই, যিটোৰ পৰা তেখেতে নিষেধ কৰা নাই।