القرآن الكريم المصحف الإلكتروني إذاعات القرآن صوتيات القرآن البطاقات الإسلامية فهرس الموقع

প্ৰশ্ন নং ৩- এই হাদীছটো সম্পূৰ্ণ কৰা (بينما نحن جلوس عند رسول الله ﷺ ...) আৰু ইয়াৰ কেইটামান গুৰুত্বপূৰ্ণ উপকাৰিতা উল্লেখ কৰা?

উত্তৰ- ওমৰ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে, এদিনাখন আমি ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ ওচৰত বহি আছিলোঁ, ঠিক সেই সময়তে হঠাৎ এজন ব্যক্তি আমাৰ সন্মুখত আহি উপস্থিত হ'ল, যাৰ কাপোৰ আছিল অতিকৈ বগা, চুলিবোৰ আছিল ভীষণ ক’লা; তাৰ ওপৰত ভ্ৰমণৰ কোনো লক্ষণ পৰিলক্ষিত হোৱা নাছিল। আমাৰ মাজৰ কোনেও তেওঁক চিনিও পোৱা নাছিল। তেওঁ নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ ওচৰত আহি বহিল, নিজৰ আঠু তেখেতৰ আঠুৰ লগত মিলাই নিজৰ হাত তেখেতৰ (অথবা নিজৰেই) উৰুত ৰাখি ক’লে: “হে মুহাম্মদ, মোক ইছলাম সম্পৰ্কে জ্ঞান দিয়ক”। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে: “ইছলাম হৈছে- তুমি সাক্ষ্য দিয়া যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই আৰু মুহাম্মদ (চাল্লাল্লাহু ‘আলাইহি অছাল্লাম) আল্লাহৰ ৰাছুল, ছালাত প্ৰতিষ্ঠা কৰা, যাকাত প্ৰদান কৰা, ৰমজান মাহৰ চওম পালন কৰা আৰু যদি সামৰ্থ থাকে তেন্তে (আল্লাহৰ) ঘৰৰ হজ্জ কৰা।” তেওঁ (লোকজনে) ক’লে: “আপুনি ঠিকেই কৈছে”(বৰ্ণনাকাৰীয়ে কৈছে) আমি বিস্মিত হ’লোঁ, তেওঁ নিজেই তেখেতক প্ৰশ্ন কৰি আছে আকৌ নিজেই তেখেতৰ উত্তৰক সঠিক বুলি সমৰ্থন কৰি আছে। তাৰ পিছত তেওঁ ক’লে, “মোক ঈমান সম্পৰ্কে জ্ঞান দিয়ক”। তেখেতে (ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে) ক’লে: “সেয়া হৈছে এই যে- আল্লাহ, তেওঁৰ ফিৰিস্তা, তেওঁৰ কিতাবসমূহ, তেওঁৰ ৰাছুলসকল আৰু আখিৰাতৰ ওপৰত ঈমান পোষণ কৰা, লগতে তাকদীৰৰ (ভাগ্যৰ) ভাল-বেয়াৰ ওপৰত বিশ্বাস স্থাপন কৰা।” তেওঁ ক’লে: “আপুনি ঠিকেই কৈছে”। তাৰ পিছত ক’লে: “মোক ইহছান সম্পৰ্কে জ্ঞান দিয়ক”। তেখেতে ক’লে: “সেয়া হৈছে এই যে- তুমি এনেকৈ আল্লাহৰ ইবাদত কৰা যেনিবা তুমি আল্লাহক দেখি আছা, আৰু যদি তুমি তেওঁক দেখিবলৈ নোপোৱা (অথবা যদি এইটো কল্পনা কৰিব নোৱাৰা) তেন্তে তুমি জানি থোৱা তেওঁ নিশ্চয় তোমাক দেখি আছে”। তেওঁ ক’লে: “মোক কিয়ামত সম্পৰ্কে জ্ঞান দিয়ক”। তেখেতে ক’লে: “যাক প্ৰশ্ন কৰা হৈছে তেওঁ প্ৰশ্নকাৰীতকৈ বেছি একো নাজানে”। তেওঁ ক’লে: “তেন্তে তাৰ লক্ষণ সম্পৰ্কে জ্ঞান দিয়ক”। তেখেতে ক’লে: “সেয়া হৈছে এই যে- দাসীয়ে নিজৰ মালিকক জন্ম দিব, সম্পদ আৰু বস্ত্ৰহীন গৰখীয়াসকলেও ওখ ওখ অট্টালিকাৰ দম্ভ কৰিব”। এই কথোপকথনৰ পিছত সেই ব্যক্তিজন গুচি গ’ল, কিন্তু মই আৰু কিছুসময় বহি থাকিলোঁ। তেতিয়া তেখেতে (ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে) মোক ক’লে: “হে ওমৰ! প্ৰশ্নকাৰীজন কোন আছিল, আপুনি জানেনে? মই ক'লোঁ: “আল্লাহ আৰু তেওঁৰ ৰাছুলেহে অধিক ভালকৈ জানে”। তেখেতে ক’লে: “তেওঁ আছিল জিব্ৰীল (আলাইহিচ্ছালাম)। আপোনালোকক আপোনালোকৰ দ্বীন শিক্ষা দিবলৈ আপোনালোকৰ ওচৰলৈ আহিছিল।” ইয়াক মুছলিমে বৰ্ণনা কৰিছে।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহঃ

১- ইছলামৰ পাঁচটা আৰকান উল্লেখ কৰা হৈছে। যেনে-

এই কথাৰ সাক্ষ্য দান কৰা যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ (উপাস্য) নাই আৰু মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) হৈছে আল্লাহৰ ৰাছুল।

চালাত প্ৰতিষ্ঠা কৰা।

জাকাত প্ৰদান কৰা।

ৰমজান মাহৰ ৰোজা ৰখা।

বাইতুল্লাহৰ হজ্জ কৰা।

২- ঈমানৰ আৰকান উল্লেখ কৰা হৈছে, ঈমানৰ আৰকান হৈছে ছয়টাঃ

আল্লাহৰ প্ৰতি ঈমান।

ফিৰিস্তাসকলৰ প্ৰতি ঈমান।

তেওঁ অৱতীৰ্ণ কৰা গ্ৰন্থসমূহৰ প্ৰতি ঈমান।

তেওঁৰ প্ৰেৰিত ৰাছুলসকলৰ প্ৰতি ঈমান।

শেষ দিৱসৰ প্ৰতি ঈমান।

তাক্বদীৰ বা ভাগ্যৰ মঙ্গল অমঙ্গলৰ প্ৰতি ঈমান।

৩- এহছানৰ ৰুকন উল্লেখ কৰা হৈছে। এহছানৰ এটাই ৰুকন, সেইটো হৈছেঃ আল্লাহৰ ইবাদত এনেকৈ কৰক যেনিবা আপুনি আল্লাহক দেখি আছে। আৰু যদি এইটো অনুভৱ নহয় তেন্তে মনত ৰাখিব লাগিব যে, আল্লাহে আপোনাক দেখি আছে।

৪- কিয়ামতৰ সঠিক সময় সম্পৰ্কে আল্লাহৰ বাহিৰে আন কোনেও নাজানে।

চতুৰ্থ হাদীছ