القرآن الكريم المصحف الإلكتروني إذاعات القرآن صوتيات القرآن البطاقات الإسلامية فهرس الموقع

প্ৰশ্ন নং ১৪- ঈমানৰ আৰকান কেইটা আৰু কি কি?

উত্তৰ- ঈমানৰ আৰকান হৈছে ছয়টা। যেনে- ১- আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা।

২- ফিৰিস্তাসকলৰ প্ৰতি ঈমান পোষণ কৰা।

৩- অৱতীৰ্ণ হোৱা কিতাবসমূহৰ প্ৰতি ঈমান পোষণ কৰা।

৪- তেওঁ প্ৰেৰণ কৰা ৰাছুলসকলৰ প্ৰতি ঈমান পোষণ কৰা।

৫- শেষ দিৱসৰ প্ৰতি ঈমান পোষণ কৰা।

৬- ভাগ্যৰ মঙ্গল অমঙ্গলৰ প্ৰতি ঈমান পোষণ কৰা।

ইয়াৰ প্ৰমাণ হৈছে মুছলিমসকলৰ মাজত বিখ্যাত সেই হাদীছে জিব্ৰীল, যিটো হাদীছত উল্লেখ আছে যে, জিব্ৰীল আলাইহিচ্ছালামে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক কৈছিলঃ তাৰ পিছত তেওঁ ক’লে, “মোক ঈমান সম্পৰ্কে জ্ঞান দিয়ক”

তেখেতে (ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে) ক’লে: “সেয়া হৈছে এই যে- আল্লাহ, তেওঁৰ ফিৰিস্তা, তেওঁৰ কিতাবসমূহ, তেওঁৰ ৰাছুলসকল আৰু আখিৰাতৰ ওপৰত ঈমান পোষণ কৰা, লগতে তাকদীৰৰ (ভাগ্যৰ) ভাল-বেয়াৰ ওপৰত বিশ্বাস স্থাপন কৰা।”