English Français Español Русский العربية português हिन्दी বাংলা اردو More languages▾ Site Index

প্ৰশ্ন নং ১০- ছুৰা আল-মাঊন পাঠ কৰা আৰু ইয়াৰ ব্যাখ্যা কৰা?

উত্তৰ- ছুৰা আল-মাঊন আৰু ইয়াৰ তাফছীৰঃ

(আৰম্ভ কৰিছোঁ) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত।

আৰা আইতাল লাজী য়ুকাজ জিবুবিদ্দীন। (১) তুমি তাক দেখিছানে যিয়ে হিচাপ প্ৰতিদানক অস্বীকাৰ কৰে? ফাজালিকাল লাজী য়াদুওউল য়াতীম। (২) সেইজনেই সি, যিয়ে অনাথক কঠোৰভাৱে খেদি পঠিয়ায়, অলা য়াহুজদ্বু আলা ত্বআমিল মিছকীন। (৩) আৰু সি দুখীয়াক খানা খুৱাবলৈ উৎসাহ নিদিয়ে। ফাৱাইলুল লিল মুচাল্লীন। (৪) এতেকে ধ্বংস সেইসকল ছালাত আদায়কাৰীৰ বাবে, আল্লাজীনাহুম আং চালাতিহিম ছা-হূন। (৫) যিসকলে ছালাতত অমনোযোগী, আল্লাজীনাহুম য়ুৰা-ঊন। (৬) যিসকলে আনক দেখুৱাবলৈহে (চালাত আদায়) কৰে, অয়ামনাঊনাল মা-ঊন। (৭) আৰু সৰু-সুৰা গৃহসামগ্ৰী প্ৰদানত বাধা দিয়ে। (ছুৰা আল-মাঊনঃ ১-৭)

তাফছীৰ

১- (أَرَأَيْتَ الَّذِي يُكَذِّبُ بِالدِّينِ) আপুনি সেইজনক চিনি পায়নে, যিয়ে ক্বিয়ামত দিৱসৰ প্ৰতিদানক অস্বীকাৰ কৰে?

২- (فَذَلِكَ الَّذِي يَدُعُّ الْيَتِيمَ) সিয়েই সেই ব্যক্তি, যিয়ে প্ৰয়োজনৰ সময়ত উপস্থিত হোৱা অনাথক কঠোৰ ব্যৱহাৰ কৰি খেদি পঠিয়ায়।

৩- (وَلَا يَحُضُّ عَلَى طَعَامِ الْمِسْكِينِ) আৰু ভিখাৰীক খাদ্য খুৱাবলৈ নিজকো উদ্বদ্ধ নকৰে, আনকি বেলেগকো প্ৰেৰণা নিদিয়ে।

৪- (فَوَيْلٌ لِلْمُصَلِّينَ) ধ্বংস আৰু শাস্তি সেইসকল নামাজীৰ বাবে,

৫- (الَّذِينَ هُمْ عَنْ صَلَاتِهِمْ سَاهُونَ) যিসকলে নিজৰ ছালাতত অমনোযোগী, চালাতৰ প্ৰতি কোনো ভ্ৰূক্ষেপ নকৰে, আনকি নামাজৰ সময় পাৰ হৈ যায়।

৬- (الَّذِينَ هُمْ يُرَاءُونَ) যিসকলে চালাত আৰু অন্যান্য নেক আমল মানুহক দেখুৱাবলৈহে কৰে। আল্লাহৰ বাবে নিৰ্ভেজালভাৱে নকৰে।

৭- (وَيَمْنَعُونَ الْمَاعُونَ) আৰু সেইবোৰ বস্তুৰ জৰিয়তে আনক সহযোগ কৰাত কুণ্ঠাবোধ কৰে যাৰ দ্বাৰা সহযোগ কৰাত কোনো ক্ষতি নাই।