English Français Español Русский العربية português हिन्दी বাংলা اردو More languages▾ Site Index

প্ৰশ্ন নং ১১- ছুৰা আল-কাওছাৰ পাঠ কৰা আৰু ইয়াৰ ব্যাখ্যা কৰা?

উত্তৰ- ছুৰা আল-কাওছাৰ আৰু ইয়াৰ তাফছীৰঃ

(আৰম্ভ কৰিছোঁ) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত।

ইন্না আ'ত্বইনাকাল কাওছাৰ। (১) {নিশ্চয় আমি তোমাক আল-কাউছাৰ প্ৰদান কৰিছোঁ।} ফাচাল্লি লিৰাব্বিকা অনহাৰ। (২) {এতেকে তুমি তোমাৰ প্ৰতিপালকৰ উদ্দেশ্যে ছালাত আদায় কৰা আৰু কুৰবানী কৰা।} ইন্না শ্বা-নিআকা হুৱাল আবতাৰ। (৩) {নিশ্চয় তোমাৰ প্ৰতি বিদ্বেষ পোষণকাৰীয়েই হৈছে নিৰ্বংশ।} (ছুৰা আল-কাওছাৰঃ ১-৩)

তাফছীৰ

১- (إِنَّا أَعْطَيْنَاكَ الْكَوْثَرَ) হে ৰাছুল! আমি আপোনাক প্ৰচুৰ কল্যাণ প্ৰদান কৰিছোঁ। তাৰ মাজৰ এটা অন্যতম হৈছে জান্নাতৰ নদী আল-কাউছাৰ।

২- (فَصَلِّ لِرَبِّكَ وَانْحَرْ) গতিকে এই অনুগ্ৰহ বা অৱদানৰ প্ৰতি আল্লাহৰ কৃতজ্ঞতা পালন কৰি কেৱল তাৰ বাবেই ছালাত আদায় কৰক আৰু কুৰবানী কৰক। যিহেতু সাধাৰণ মুশ্বৰিকসকলে সিহঁতৰ মূৰ্তিবোৰৰ বাবে কুৰবানী বা জন্তু বলিদান কৰি সিহঁতৰ নৈকট্য লাভ কৰাত উঠি পৰি লাগি থাকে।

৩- (إِنَّ شَانِئَكَ هُوَ الْأَبْتَرُ) নিঃসন্দেহে ৰাছুলৰ সৈতে বিদ্বেষ ৰখা ব্যক্তিয়েই সকলো প্ৰকাৰৰ কল্যাণৰ পৰা বঞ্চিত হ'ব।