English Français Español Русский العربية português हिन्दी বাংলা اردو More languages▾ Site Index

প্ৰশ্ন নং ৮- ছুৰা আল-ফীল পাঠ কৰা আৰু ইয়াৰ ব্যাখ্যা কৰা?

উত্তৰ- ছুৰা আল-ফীল আৰু ইয়াৰ তাফছীৰঃ

(আৰম্ভ কৰিছোঁ) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত।

আলাম তাৰা কাইফা ফাআলা ৰাব্বুকা বিআচহা-বিল ফীল। (১) {তুমি দেখা নাইনে, তোমাৰ প্ৰতিপালকে হাতীৰ অধিপতিসকলৰ লগত কি কৰিছিল?} আলাম য়াজআল কাইদাহুম ফী তাদ্বলীল। (২) {তেওঁ সিহঁতৰ ষঢ়যন্ত্ৰ ব্যৰ্থতাত পৰ্যবসিত কৰা নাইনে?} ৱাআৰছালা আলাইহিম ত্বইৰান আবা-বীল। (৩) {আৰু সিহঁতৰ বিৰুদ্ধে তেওঁ জাকে জাকে চৰাই পঠিওৱা নাছিলনে?} তাৰমীহিম বিহিজা-ৰাতিম মিন ছিজ্জীল। (৪) {যিসকলে সিহঁতৰ ওপৰত পকা টান মাটিৰ শিলগুটি নিক্ষেপ কৰিছিল।} ফাজাআলাহুম কাআচফিম মা'কূল। (৫) {ফলত তেওঁ সিহঁতক ভক্ষিত তৃণ-সদৃশ কৰিছিল।} (ছুৰা আল-ফীলঃ ১-৫)

তাফছীৰ

১- (أَلَمْ تَرَ كَيْفَ فَعَلَ رَبُّكَ بِأَصْحَابِ الْفِيلِ) হে ৰাছুল, আপুনি নাজানে নেকি আপোনাৰ প্ৰতিপালকে আব্ৰাহা আৰু তাৰ হাতী অধিপতি সৈন্যৰ সৈতে কি কৰিছিল, যেতিয়া সিহঁতে কা'বা ঘৰ ভাঙিবলৈ সংকল্প কৰিছিল।

২- (أَلَمْ يَجْعَلْ كَيْدَهُمْ فِي تَضْلِيلٍ) আল্লাহ তাআলাই সিহঁতৰ কা'বা ধ্বংস কৰাৰ চক্ৰান্তক বিফল কৰি দিছিল। ফলত সিহঁতে মানুহক কা'বাৰ পৰা বিমুখ কৰাৰ যি সংকল্প লৈছিল, তাত সিহঁতে সফলতা পোৱা নাছিল আৰু নিৰাশ হৈ উভতিছিল।

৩- (وَأَرْسَلَ عَلَيْهِمْ طَيْرًا أَبَابِيلَ) আৰু সিহঁতৰ প্ৰতি জাকে জাকে চৰাই প্ৰেৰণ কৰিছিল।

৪- (تَرْمِيهِمْ بِحِجَارَةٍ مِنْ سِجِّيلٍ) যিবোৰে সিহঁতৰ ওপৰত পকা টান মাটিৰ শিলগুটি নিক্ষেপ কৰিছিল।

৫- (فَجَعَلَهُمْ كَعَصْفٍ مَأْكُولٍ) ফলত সিহঁতক সেই ভক্ষিত তৃণ সদৃশ কৰিছিল, যিবোৰ জন্তুয়ে খায় আৰু ভৰিৰে মোহাৰি চেপেটা কৰে।