English Français Español Русский العربية português हिन्दी বাংলা اردو More languages▾ Site Index

প্ৰশ্ন নং ২৫- ক্ৰোধৰ প্ৰকাৰসমূহ উল্লেখ কৰা?

উত্তৰ- ১- প্ৰশংসনীয় ক্ৰোধঃ কাফিৰ, মুনাফিক, ভণ্ড, বা আন কোনো লোকে আল্লাহৰ কোনো সীমা উলংঘা কৰাৰ ফলত জন্ম হোৱা ক্ৰোধ হৈছে প্ৰশংসনীয় ক্ৰোধ।

২- অপছন্দনীয় ক্ৰোধঃ যি ক্ৰোধে মানুহক এনেকুৱা কথা বা কাম কৰিবলৈ বাধ্য কৰায়, যিটো কৰা তাৰ বাবে উচিত নহয়।

অপছন্দনীয় ক্ৰোধৰ চিকিৎসাঃ

অজু কৰা।

থিয় হৈ থাকিলে বহিব লাগে আৰু বহি থাকিলে শুব লাগে।

লগতে এইক্ষেত্ৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ উপদেশৰ প্ৰতি আমল কৰিব লাগে। তেখেতে কৈছেঃ (খং নকৰিবা)

ক্ৰোধৰ সময়ত নিজকে নিয়ন্ত্ৰণ কৰা।

আউজু বিল্লা-হি মিনাশ্ব শ্বাইত্বনিৰ ৰাজীম। (মই অভিশপ্ত চয়তানৰ পৰা আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ) এই দুআ পাঠ কৰা।

মৌনতা অৱলম্বন কৰা।